1মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।
2হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;
3কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে।
4এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
5কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
6কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
7এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;