Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - মাৰ্ক - মাৰ্ক 6

মাৰ্ক 6:20-32

Help us?
Click on verse(s) to share them!
20কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
21কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
22তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
23আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
24তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।”
25তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”
26তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে,
27তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে,
28আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।
29পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গ’ল আৰু মৈদাম দিলে।
30পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
31তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
32তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।

Read মাৰ্ক 6মাৰ্ক 6
Compare মাৰ্ক 6:20-32মাৰ্ক 6:20-32