Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 3

বিচাৰ 3:20-28

Help us?
Click on verse(s) to share them!
20সেই সময়ত ৰজা ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত অকলে বহি আছিল; এহূদে তেওঁৰ কাষলৈ চাপি গৈ ক’লে, “আপোনাক ঈশ্বৰৰ পৰা অহা এটি বার্তা মোৰ ক’ব লগা আছে।” ৰজাই নিজৰ আসনৰ পৰা উঠি থিয় হ’ল।
21তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে।
22নালেৰে সৈতে তৰোৱালখন পেটত সোমাই পিঠিফালে কিছু ওলাই গ’ল আৰু চর্বিত ঢাক খাই গ’ল; তেওঁ ইগ্লোনৰ পেটৰ পৰা তৰোৱালখন টানি বাহিৰ কৰি নুলিয়ালে।
23পাছত এহূদে বাৰাণ্ডালৈ ওলাই আহিল; ওপৰ কোঁঠালিৰ দুৱাৰবোৰ বন্ধ কৰি তলা মাৰি দিলে।
24এহূদ বাহিৰলৈ ওলাই যোৱাৰ পাছত ৰজাৰ ভৃত্যবোৰে আহি দেখিলে যে ওপৰ কোঁঠালিৰ দুৱাৰবোৰত তলা মাৰি বন্ধ কৰা হৈছে। সিহঁতে ক’লে, “ৰজাই নিশ্চয়ে ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত মলমূত্র ত্যাগ কৰি আছে।”
25বহু সময় ধৰি অপেক্ষা কৰিলে, কিন্তু ৰজাই দুৱাৰ নোখোলা দেখি সিহঁত চিন্তিত হ’ল আৰু সেয়ে চাবি আনি দুৱাৰ খোলাত সিহঁতৰ প্ৰভুক মজিয়াত মৃত অৱস্থাত পৰি থকা দেখিলে।
26ভৃত্যবোৰে অপেক্ষাৰে কি কৰিব চিন্তা কৰি থকা সময়তে এহূদে পলাই গৈ মূর্ত্তি খোদাই কৰা শিলবোৰ পাৰ হৈ চিয়ীৰালৈকে গৈ ৰক্ষা পালে।
27সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে।
28তেওঁ তেওঁলোকক ক’লে, “মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।” তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে।

Read বিচাৰ 3বিচাৰ 3
Compare বিচাৰ 3:20-28বিচাৰ 3:20-28