3ইস্ৰায়েলৰ সন্তানসকল মিস্পাত একত্রিত হোৱা কথা শুনি সকলোৱে তাত একত্রিত হ’ল। পাছত ইস্ৰায়েলৰ সন্তানসকলে সুধিলে, “কোৱাচোন এই দুষ্কৰ্ম কেনেকৈ হ’ল?”
4সেই হত হোৱা মহিলাজনীৰ গিৰীয়েক লেবীয়া পুৰুষ জনে উত্তৰ দি ক’লে, “মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিন্যামীনৰ অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ।
5তাতেই গিবিয়াৰ পৰিয়ালবোৰে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে; সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল।
6পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালোঁ; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য কৰিলে।
7এতেকে হে ইস্ৰায়েলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা।”
8তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ;
9কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।