Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 16

বিচাৰ 16:8-13

Help us?
Click on verse(s) to share them!
8পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে সাতডাল নুশুকুৱা ধনুৰগুণ আনি সেই মহিলাক দিলে; তেতিয়া তাই তাৰে চিমচোনক বান্ধিলে।
9সেই সময়ত তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই চিমচোনক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে জুইৰ তাপত শণ সূতা যেনেকৈ ছিগে, তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ বোৰ ছিঙি পেলালে; এইদৰে তেওঁৰ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ’ল।
10পাছত দলীলাই চিমচোনক ক’লে “চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক’লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।”
11তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
12তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক’লে “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া;” তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।
13পাছত দলীলাই চিমচোনক ক’লে, “তুমি এতিয়াও মোক ঠগিলা আৰু মিছা কথা কৈছা; কিহেৰে তোমাক বান্ধিব পৰা যায় সেই বিষয়ে মোক কোৱা।” চিমচোনে তাইক ক’লে, “তই যদি মোৰ চুলি সাতকোঁচা তাঁতৰ লগত বৱ, তেতিয়া হ’লে মই আন মানুহৰ দৰে হৈ পৰিম।”

Read বিচাৰ 16বিচাৰ 16
Compare বিচাৰ 16:8-13বিচাৰ 16:8-13