12তাত এওঁলোকে মন্দিৰত বা নাম-ঘৰত বা নগৰতেই হওক, কোনো ব্যক্তিৰ সৈতে মোক বাদ-বিচাৰ বা লোক সকলক উচটাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই;
13আৰু এতিয়া যি যি অপবাদ মোক দিছে, এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে।
14কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷