5আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ।
6তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।
7তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।
8হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।