Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 98

গীত 98:4-9

Help us?
Click on verse(s) to share them!
4হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
5বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
6তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।
7সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
8নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক,
9যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।

Read গীত 98গীত 98
Compare গীত 98:4-9গীত 98:4-9