3তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
4‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)।
5হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
6আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
7পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
8হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।