Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 89

গীত 89:28-47

Help us?
Click on verse(s) to share them!
28তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
29মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
30তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
31যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
32তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
33কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
34মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
35মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
36তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
37সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
38কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
39তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
40তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
41তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।
42তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
43তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
44তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
45তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)
46হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
47মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!

Read গীত 89গীত 89
Compare গীত 89:28-47গীত 89:28-47