Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 89

গীত 89:14-29

Help us?
Click on verse(s) to share them!
14ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
15ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
16ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
17তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব।
18আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই।
19এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।
20মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
21মোৰ হাত সদায় তেওঁৰ লগত থাকিব; মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।
22কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।
23মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম; যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।
24মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব; মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।
25মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
26তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
27মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
28তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
29মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।

Read গীত 89গীত 89
Compare গীত 89:14-29গীত 89:14-29