12উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
13তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
14ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
15ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।