Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 88

গীত 88:6-10

Help us?
Click on verse(s) to share them!
6তুমি মোক গাতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা, অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা।
7হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে, তোমাৰ সকলো প্রকাৰ ঢৌৰে তুমি মোক দুখ দিছা। (চেলা)।
8তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা; তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা; মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।
9দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে; হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ; মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।
10মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা? মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)।

Read গীত 88গীত 88
Compare গীত 88:6-10গীত 88:6-10