16তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা; তোমাৰ দাসক তোমাৰ শক্তি দান কৰা; তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।
17মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।