7হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।
8ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
9তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
10গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
11দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব; স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।