14ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
15তেওঁলোকে মাটি খান্দি দ গাত কৰে, আৰু নিজেই খন্দা গাতত নিজে পৰে।
16তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে, তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।