8আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
9হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
10আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।
11বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক; যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে, তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।