67পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে; ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;
68কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
69তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।