56কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।
57তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
58তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।