5কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
6যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।
7তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
8তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।
9ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।
10তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
11তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল। তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।
12ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
13তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।