22কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।
23তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।
24লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, স্বৰ্গৰ শস্য তেওঁলোকক দিলে।
25মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।
26তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।
27তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;
28তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে।
29তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।
30কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই
31ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।
32তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।
33সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।
34তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।
35তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।
36কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,
37তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।
38তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
39তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।
40মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!
41বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে।
42তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, মনত নাৰাখিলে সেই দিনৰ কথা- যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;
43যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।
44সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।
45তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।
46তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।