15মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।
16তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে, সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।
17কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল, সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।
18তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।
19তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে, “ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?
20তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল; সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে? তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”
21এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল; যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল; ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল;
22কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।
23তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।
24লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, স্বৰ্গৰ শস্য তেওঁলোকক দিলে।
25মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।