4মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।
5তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্ব কৰি কথা নকবা।”
6কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।
7কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।
8কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
9কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।
10তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।”