9আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
10হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?
11তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।
12তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
13তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।