Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 74

গীত 74:3-10

Help us?
Click on verse(s) to share them!
3তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।
4তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে; তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে।
5ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।
6তেওঁলোকে নক্সা কটা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে; কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
7তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
8তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।
9আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
10হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?

Read গীত 74গীত 74
Compare গীত 74:3-10গীত 74:3-10