Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 73

গীত 73:16-25

Help us?
Click on verse(s) to share them!
16এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ; কিন্তু বুজি পাবৰ বাবে এই সমস্যাটো বহুত কঠিন আছিল।
17যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গলো, তাৰ পাছতহে তেওঁলোকৰ কি দশা হ’ব মই বুজিব পাতিলোঁ।
18সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।
19তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়, নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
20তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছ জ্ঞান কৰাৰ নিচিনাকৈ; হে ঈশ্ৱৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছ জ্ঞান কৰিবা।
21যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ; আৰু মোৰ অন্তৰত আঘাত লাগিছিল,
22তেতিয়া মই অজ্ঞান আৰু মনৰ কল্পনা অভাব বোধ কৰিছিলোঁ; তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ।
23তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাত খনত ধৰি ৰাখিলা।
24তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
25তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।

Read গীত 73গীত 73
Compare গীত 73:16-25গীত 73:16-25