Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 71

গীত 71:9-22

Help us?
Click on verse(s) to share them!
9বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
10কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।
11তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”
12হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা; হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
13মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক; মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
14কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
15এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
16মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।
17হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
18প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
19হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?
20তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
21তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা; পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
22হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।

Read গীত 71গীত 71
Compare গীত 71:9-22গীত 71:9-22