6মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
7দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।
8হে দুষ্ট কার্য কৰা লোকবিলাক, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
9যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।