Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 68

গীত 68:12-29

Help us?
Click on verse(s) to share them!
12তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:
13যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
14সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
15হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
16হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
17ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব।
18তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
19প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
20আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।
21কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব।
22প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,
23যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
24হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
25আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
26তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
27তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
28হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
29যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।

Read গীত 68গীত 68
Compare গীত 68:12-29গীত 68:12-29