1হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
2তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।
3তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;
4যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া; যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে। চেলা