4তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।
5যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব; সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।
6যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা; যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।
7কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি তোমাৰ গৃহত সোমাম, মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই মোৰ মূৰ নত কৰিম।