Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 58

গীত 58:6-9

Help us?
Click on verse(s) to share them!
6হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
7বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।
8শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
9তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব।

Read গীত 58গীত 58
Compare গীত 58:6-9গীত 58:6-9