1পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
2চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
3আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
4তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
5“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
6আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)