2হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।
3কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
4তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)।