11তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
12কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
13যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)