17আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
18তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
19তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
20আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,