6তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা; তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা; হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।
7তেতিয়া মই ক’লো, “এইয়া মই আহিছোঁ; পুস্তক খনত মই অহাৰ বিষয়ে লিখা আছে।
8হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ; তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”
9মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
10তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।
11হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।
12কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।
13হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।
14যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।
15যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে,” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক।
16কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।”
17কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।