12হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।
13মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”