1মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”
2মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।
3মই মোৰ অন্তর্জ্বালাত দহিছো। মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,
4“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
5চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
6বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
7“হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।
8মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
9মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।