31তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; তেওঁলোকৰ ভৰি পিছলি নাযায়।
32দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে।
33কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, বিচাৰত তেওঁলোকক দোষী নকৰিব।
34যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
35মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ, সেউজ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।