19যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
20আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।
21আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।
22হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক, কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।