10যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
11যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
12ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।
13যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে; তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।
14পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।
15তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে।
16বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
17জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা; মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।