2ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।
3মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
4কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)
5তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
6সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।