2কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
3যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?
4কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।