17মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ; সেই লোকসকলে মোলৈ একেথৰে চাইছে; উল্লাসৰ দৃষ্টিৰে চাইছে।
18নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।
19কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! হে মোৰ শক্তি, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
20তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!