6তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।
7কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে; সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।
8তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
9তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।