Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 18

গীত 18:17-46

Help us?
Click on verse(s) to share them!
17মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে, যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে; তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল।
18বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।
19তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
20যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।
21কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ, কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।
22তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
23তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।
24এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।
25হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
26তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা, কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।
27কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।
28কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা; হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া।
29তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ, মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ।
30ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
31যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে?
32ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
33মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।
34তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়; তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।
35তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
36তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা; তাতে মোৰ ভৰি পিছলি নগল।
37মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ; তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।
38মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ, যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে। তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
39তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
40তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।
41তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
42মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
43লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
44মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
45বিদেশীসকল নিৰাশ হ’ল; তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।
46যিহোৱা জীৱিত! মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।

Read গীত 18গীত 18
Compare গীত 18:17-46গীত 18:17-46