4যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
5ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
6দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।