1এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
2যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।