4কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
5ভক্তসকলে বিজয়ত উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
6তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;
7যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে, আৰু লোক সমূহক শাস্তি দিব পাৰে;